Skip to main content
GovernanceHabitatMedia Coverage

লকডাউন আৰু গৃহকর্মীসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ

By August 5, 2020December 22nd, 2023No Comments

লকডাউন আৰম্ভ হোৱাৰ প্ৰথম সপ্তাহৰ কথা। খ্ৰীষ্টিয়ান বস্তি য’ত মোৰ ঘৰ তাৰ পৰা চন্দমাৰীৰ আৰ্টিষ্ট গিল্ডলৈ ওলাইছোঁ। যিহেতু পদাতিক নাৰী সমাজৰ উদ্যোগত লকডাউনৰ সময়ছোৱাত শ্ৰমজীৱী তথা দিন মজুৰসকলক খাদ্য সাহায্য যোগান ধৰাৰ কাম আৰম্ভ হৈছিল। আৰ্টিষ্ট গিল্ডৰ বিল্ডিঙটো পদাতিক নাৰী সমাজৰ খাদ্য সামগ্ৰী জমা কৰি থ’বলৈ কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে ব্যৱহাৰ কৰি থকা হৈছিল। যান-বাহনৰ চলাচল বন্ধ থকাৰ বাবে সুন্দৰপুৰ হৈ চন্দমাৰীলৈ বুলি খোজকাঢ়ি ওলালোঁ। হঠাৎ পিছফালৰ পৰা মানুহ এজনীয়ে মাত লগালে — ‘ বাইদেউ ক’ত যায়, চৰকাৰে যে চাউল-দালি একো দিয়া নাই । মই প্ৰায় উচপ খাই উঠিলোঁ। মই যে ৰিলিফ দিব গৈ আছো ,কেনেকৈ গম পালে ! নাই নাই মানুহজনীক এবাৰ দেখাৰ লগে লগে বুজিবলৈ বাকী নাথাকিল। তেও খুব সাধাৰণীকৰণ কৰিহে কথাটো কৈছে, মানুহজনীৰ মনত পাগুলি থকা কথা তথা ভূক্তভোগী হিচাপে নিজৰ ভিতৰত সৃষ্টি হোৱা কথাখিনিৰ কেৱল বাহ্যিক প্ৰকাশহে আছিল মোৰ সন্মুখত। সন্মুখত থকা গৰাকী মই নহৈ আন কোনোবা হ’লেও একেখিনি কথাই তেওঁ ক’লে হয়।

পুৰণি কিন্তু চাফ- চিকুণ এযোৰ চলোৱাৰ কামিজ পৰিহিতা মহিলা গৰাকী প্ৰথম দৃষ্টিতে ধৰিব পাৰি দিন মজুৰ কৰি খোৱা এগৰাকী শ্ৰমিক। দায়িত্ব আৰু কষ্টৰ ভৰত পুষ্টিহীনতাৰ স্পষ্ট আভাষ পোৱা যায় ত্ৰিশোৰ্ধ মহিলাগৰাকীৰ শৰীৰত। মহিলাগৰাকীৰ প্ৰতি স্বাভাৱিকতে উৎসুকতা জন্মিল ,তাৰ এটা কাৰণো নথকা নহয় । লকডাউনৰ জনশূন্য কিন্তু দীঘলীয়া পথত কথা পতাৰ সংগী এগৰাকী পাইছিলোঁ। কিন্তু মন কৰিলোঁ মোতকৈ বেছি মানুহজনীৰহে মোৰ বিষয়ে জনাৰ আগ্ৰহ। তেওঁ এটাৰ পিছত আনটো প্ৰশ্ন কৰিয়ে আছে , ক’ত যাম বা কিয় গৈ আছো ইত্যাদি। তদুপৰি ,তেওঁ নিজৰ বিষয়েও কৈ গ’ল ,নিজাকৈ। মই প্ৰশ্ন কৰাৰ আগতেই। ক’লে — ‘বাইদেউ ঘৰত ৩ টা সন্তান। ২২ ফেব্ৰুৱাৰীত মালিকনিয়ে ঘৰত মাতি ২০০০ টকা হাতত থমাই দি ক’লে , বেমাৰ হৈছে চাৰিওফালে আৰু কামত আহিব নালাগে । মোৰ ঘৰ ভাড়া ২০০০ টকা। যি অলপ চলপ টকা আছিল , ইমান দিনে খাই শেষ হ’ল। গিৰিয়েক নাই বাবে তিনিওটা সন্তানৰ দায়িত্ব মোৰেই। মাজতে ঘৰৰ ওচৰৰ শিক্ষক এজনে মাতি ২ কেজি চাউল আৰু এপোৱা দালি দিছিল। শেষ হ’ল। নাৰিকল বস্তিত ডাঙৰ বাইদেউ থাকে , তাতে হেনো কোনো এখন দোকানত ৰিলিফ দি আছে ,সোনকালে মাতিছে।’ তেতিয়াহে মন কৰিলোঁ মানুহজনীৰ হাতত প্লাষ্টিকৰ মোনা এখন ।

নাৰিকল বস্তি মানে প্ৰায় এতিয়াও আৰু ৫ কি.মি খোজ কাঢ়িব লাগিব । ইতিমধ্যে তেওঁৰ কথাৰ পৰা বুজি উঠিছোঁ মানুহগৰাকী গৃহকর্মী বা বনকৰা মহিলা হিচাপে কাম কৰে । জীৱিকাৰ একমাত্ৰ মাধ্যম হৈছে আন গৃহস্থৰ ঘৰত কাম কৰা। লকডাউনৰ বাবে যি এতিয়া সম্পূৰ্ণ স্তব্ধ। মানুহৰ মাজত যি হাহাকাৰ অৱস্থা, তেওঁ গৈ ৰিলিফৰ সামগ্ৰী যে নাপাব ,নিজৰ অভিজ্ঞতাৰ পৰা ইতিমধ্যে বুজিব পাৰিছো। তথাপি মানুহজনীৰ ‘আশা’ ভাঙি দিয়াৰ সাহস মোৰ নহ’ল। ইতিমধ্যে মানুহজনী ৩ কি.মি মান খোজ কাঢ়ি আহিছে , আকৌ প্ৰায় ৫ কি.মি খোজ কাঢ়ি যাবলৈ বাকী আছেই, তাকো কেৱল ৫ কে.জি চাউলৰ বাবে। অস্থিৰ হৈ পৰিলোঁ। সমগ্ৰ ব্যৱস্থা আৰু চৰকাৰৰ প্ৰতি ভীষণ খং উঠিল । কিন্তু কি কৰো উপায় নাছিল। কেৱল ,সুধিলোঁ- ‘নিশ্চিত নে যে ইমান দূৰ খোজ কাঢ়ি গৈ চাউল পাব ? ‘ শিলৰ দৰে দৃঢ় উত্তৰ — ‘ অ’ অ’ বাইদেউ পামেই। মোৰ ডাঙৰ বাইদেউ লাইন পাতিয়ে আছে ।’ এই আশা ভাঙিব যদিও মোৰ উপায় নাছিল। কেৱল ক’লো মোনাত বাতৰি কাকতৰ টুকুৰা আছে নেকি ? তেওঁ নাই বুলি জনালে। covid- 19 ৰ সংক্ৰমণৰ ভয়ত পৰাপক্ষত বেগ কঢ়িয়াই ফুৰাটো বৰ্জন কৰিছিলোঁ। পকেটত কলম অৱশ্যে থাকে। ফোন নম্বৰটো দিব বিচাৰো কওঁতে হাতখন আগবঢ়াই দি ক’লে — ‘বাইদেউ ইয়াতে লিখি দিয়ক । ‘ মোৰ মুখত স্বভাৱগত হাঁহি বিৰিঙি উঠিল । পথৰ পৰা পৰিত্যক্ত চিগাৰেটৰ পেকেট এটা উঠাই ,ফোন নম্বৰটো টুকি ,চাউল নাপালে মোক এই নম্বৰত ফোন কৰিব বুলি হাতত গুঁজি দিলো। তেওঁ অলপ উদাস চাৱনিৰে মোৰ ফালে চাই ‘হ’ব ‘ বুলি ক’লে। হয়তো মই তেওঁৰ প্ৰতি ‘যদি চাউল নাপায়’ বুলি আশা ভংগ কৰাৰ অপৰাধ কৰিছিলোঁ। তথাপি , সত্যৰ সোৱাদ কেতিয়াবা তিতা হ’লেও ক্ষতিকৰ নহয় ।

তেতিয়ালৈ আমি দুয়ো জু -ৰোড তিনিআলি পাইছিলোঁ। তেওঁ এইবাৰ সোঁহাতে যাব লাগিব , কমেও ৩ কি. মি বা তাতকৈ বেছি দূৰত্ব।

ভৱামতে, ডেৰঘণ্টামান পিছত ফোন আহিল।

হেল্ল’ বাইদেউ মই মেহেনাই কৈছো, ৰাস্তাত যে লগ পাইছিলোঁ, চাউল আগতে শেষ হৈ গৈছে । আমি চাউল নাপালোঁ। ‘ ঠিকনা দিলোঁ ,ঠিকনা মতে মানুহজনী বায়েকৰ সৈতে আৰ্টিষ্ট গিল্ড পালেহি। য’ত পদাতিক নাৰী সমাজৰ ৰিলিফৰ পেকেজিং হৈ আছিল। মোনা ভৰাই চাউল ,দালি তথা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী দিয়া হ’ল। মানুহজনীয়ে প্ৰায় ১২ কেজি ওজনৰ মোনা কঢ়িয়াই প্ৰায় ৬-৭ কি.মি খোজ কাঢ়িব লাগিব।

ওপৰোক্ত কথাখিনি বা অভিজ্ঞতাখিনি উল্লেখৰ প্ৰয়োজন এইবাবেই আছিল যে , লকডাউনে গৃহকর্মীসকলৰ জীৱন আৰু জীৱিকাত পেলোৱা প্ৰভাৱৰ স্পষ্ট ৰূপ আমি উক্ত ঘটনাৰ জৰিয়তে দেখিবলৈ পাইছো। এইয়া কোনো বিছিন্ন ঘটনা নহয়। প্ৰায় প্ৰতিগৰাকী গৃহকৰ্মীয়ে কৰ্মহীনতা আৰু অপৰ্যাপ্ত মজুৰীৰ পৰিণতি স্বৰূপে দুবেলা-দুমুঠিৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে। উল্লেখযোগ্য , চৰকাৰী ভাৱে যিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া সম্পূৰ্ণ হৈ নুঠিল উপযুক্ত ব্যৱস্থাপনাৰ অভাৱত। লকডাউনৰ আৰম্ভণিতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ‘ PM Garib Kalyan Anna Yojana ‘ৰ অন্তৰ্গত ৫ কেজি চাউল আৰু ১ কেজি দালি ৮০ কোটি হিতাধিকাৰীক বিনামূলীয়াকৈ যোগান ধৰাৰ কথা ঘোষণা কৰিছিল যোৱা ২৬ মাৰ্চত। এই ৮০ হাজাৰ হিতাধিকাৰী ইতিমধ্যে National Food Security Act (NFSA) অন্তৰ্ভুক্ত অৰ্থাৎ সহজ ভাষাত যিসকলৰ নামত ৰেচন কাৰ্ড উপলব্ধ। কিন্তু উদ্বেগৰ বিষয় যে এই আঁচনিয়ে প্ৰায় ৭০% গৃহকর্মীসকলক ঢুকি পোৱা নাই । কাৰণটো হ’ল এইসকল গৃহকর্মীৰ অধিক সংখ্যকেই প্ৰব্ৰজিত অথবা যোৱা ৫ বছৰে নতুনকৈ ৰেচন কাৰ্ড পঞ্জীয়ণ নোহোৱাৰ ফলত চৰকাৰৰ এই আঁচনিৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে। আনহাতে , গুৰুত্বপূৰ্ণ দিশটো হৈছে , কেৱল ৫ কেজি চাউল আৰু ১ কেজি দালিৰে জীৱন নিৰ্বাহ কেনেকৈ সম্ভৱ ?

উল্লেখযোগ্য যে , গৃহকর্মীসকলৰ পঞ্জীয়ণ নোহোৱাৰ ফলত বা শ্ৰম আয়োগৰ কোনোধৰণ জৰীপ ( Survey )নথকাৰ ফলত গৃহকর্মীসকলৰ চিনাক্তকৰণ কৰি কোনোধৰণৰ ক্ষতিপূৰণৰ দাবী কৰাটো সম্ভৱ নহয়। যোৱা ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ পঞ্জীয়ণৰ কাম শ্ৰম আয়োগে আৰম্ভ কৰিছিল যদিও বিভিন্ন অজুহাত দেখুওৱাই বিশেষকৈ অসমত পৰ্যাপ্ত শ্ৰম বিষয়াৰ অভাৱ তথা এন আৰ চি আৰু লোকসভা নিৰ্বাচনত বিষয়া জড়িত হোৱাৰ অজুহাতত ট্ৰেড ইউনিয়ন তথা স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা হেঁচা প্ৰয়োগ থকা সত্বেও গৃহকর্মীৰ পঞ্জীয়ণ বন্ধ কৰি ৰাখিছে। যিয়ে প্ৰকৃততে গৃহকর্মীসকলৰ ক্ষেত্ৰত আন এক বাধা ৰূপে দেখা দিলে।

The Unorganised Workers’ Social Security Act 2008 ত নিৰ্দেশ দিয়া অনুসৰি আজি ১২ বছৰ পিছতো ৰাজ্যখনত গৃহকর্মীৰ সুকীয়া কল্যাণকামী ব’ৰ্ড এখন গঠন নহ’ল । অসম চৰকাৰৰ তৰফৰ পৰা গৃহকর্মীসকলৰ বাবে নূন্যতম মজুৰি ( minimum wage ) ঘণ্টাত ৩০ টকা নিৰ্ধাৰিত কৰি জাননী (Notification ) জাৰি কৰি থৈছে যদিও সেইটো অপৰ্যাপ্ত আৰু বাস্তৱ ক্ষেত্ৰত আজিলৈ কাৰ্যকৰী হোৱা নাই। আনফালে ‘ Domestic Workers social Security Scheme , 2018, Assam ‘ বুলি এখন আঁচনিৰ খচৰা অসম ৰাজ্যিক শ্ৰম আয়োগৰ তৰফৰ পৰা প্ৰস্তুত কৰা হৈছিল । যি আজি প্ৰায় দুবছৰ পিছতো গৃহীত নকৰিলে। উল্লেখযোগ্য যে উল্লেখিত আঁচনিৰ খচৰাখন অসম্পূৰ্ণ তথা ত্ৰুটিপূৰ্ণ । সেয়েহে, Youth For Unity and Voluntary Action (YUVA ) গুৱাহাটীৰ তৰফৰ পৰা উক্ত আঁচনিখনৰ খচৰা ট্ৰেড ইউনিয়ন , আইনজ্ঞ, গৃহকর্মী, বিভিন্ন দল- সংগঠন, ট্ৰেড ইউনিয়নৰ নেতৃত্ব তথা নাগৰিক সমাজৰ সৈতে ৩ খন আলোচনা সভা অনুষ্ঠিত কৰি সংশোধনৰ সৈতে গ্ৰহণ কৰিবলৈ শ্ৰম আয়োগক এখন স্মাৰক পত্ৰও প্ৰদান কৰা হয় ।

শ্ৰম আয়োগৰ তৰফৰ পৰা উক্ত বিষয়টো বিবেচনাধীন বুলি জনাই থকাৰ বাদে কোনো ইতিবাচক সঁহাৰি এতিয়ালৈ লাভ কৰা নাই বুলি YUVA ,গুৱাহাটীৰ কৰ্মকর্তাৰ পৰা জানিব পৰা গৈছে।

The Unorganised Workers’ Social Security Act ,2008ৰ নিৰ্দেশ অনুযায়ী প্ৰত্যেক ৰাজ্যই নিৰ্দিষ্টভাৱে অসংগঠিত খণ্ডৰ শ্ৰমিকৰ বাবে সুকীয়াকৈ একোখন কল্যাণকামী ব’ৰ্ড গঠন কৰিব লাগে। তদুপৰি সেই ব’ৰ্ডখনে এগৰাকী অসংগঠিত খণ্ডৰ শ্ৰমিকৰ আশ্ৰয় , নিৰ্দিষ্ট মজুৰি , চিকিৎসা সাহায্য ,সন্তানৰ শিক্ষাবৃত্তি , বিবাহ সংক্ৰান্তীয় সাহায্য , সৎকাৰ সমন্ধীয় খৰচ , সঁজুলিৰ খৰচ তথা শ্ৰমিক গৰাকী মহিলা হ’লে বিশেষ ভাৱে গৰ্ভধাৰণৰ সময়ত ছুটী তথা সাহায্যৰ যোগান ধৰা আৰু যৌন নিৰ্যাতন ৰোধ কৰাৰ বাবে উপযুক্ত ব্যৱস্থাপনা নিৰ্মাণ তথা নিৰীক্ষণ কৰিব লাগে । কিন্তু , আজিকোপতি তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। একেদৰে, Domestic Workers social Security Scheme , 2018, Assam খচৰাখন The Unorganised Workers’ Social Security Act ,2008 নিৰ্দেশ মতে প্ৰস্তুত কৰিবলৈ YUVA জৰিয়তে বিভিন্ন দল -সংগঠন তথা ট্ৰেড ইউনিয়ন সমূহেও দাবী জনাই আহিছে।

অৱশেষত , ক’ব পাৰি যে লকডাউনৰ মাধমাৰ আৰু আনফালে শ্ৰমিকসকলৰ প্ৰতি চৰকাৰী উদাসীনতাৰ ফলস্বৰূপে গৃহকর্মীসকল সামাজিক সুৰক্ষাৰ পৰা বঞ্চিত হৈ আহিছে । আমি ভাবোঁ অতি শীঘ্ৰে গৃহকর্মীসকলৰ বাবে এখন কেন্দ্ৰীয় সামাজিক সুৰক্ষা আইন প্ৰণয়ণ কৰাৰ প্ৰয়োজন আছে। কাৰণ কেৱল আঁচনিয়ে অধিকাৰ সুৰক্ষিত কৰিবলৈ ব্যৰ্থ হ’ব আৰু আনফালে আমোলাতান্ত্ৰিক ব্যৱস্থাৰ অজুহাতৰ ফল ভোগ কৰি বঞ্চিত হৈ থাকিব লাগিব শ্ৰমিকসকল। মহামাৰী ৰোধ কৰাৰ নামত দিয়া লকডাউনে চৰকাৰী অদূৰদৰ্শীতাৰ বাবে গৃহকর্মীকে ধৰি সকলো অসংগঠিতখণ্ডৰ শ্ৰমিকসকলৰ জীৱনত নিজেই এক মহামাৰীৰ ৰূপ ধাৰণ কৰে।

পূজা নিৰালা, কনচালটেণ্ট, YUVA গুৱাহাটী (Pooja Nirala, Consultant, YUVA Guwahati)

This article also received local media coverage: https://www.assamiyakhabor.com/publishfinal/asset/guwahati/current/5.html

Leave a Reply